June 27, 2026 11:41 AM
28
ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৯২০লৈ বৃদ্ধি
ভেনিজুৱেলাত দুটাকৈ শক্তিশালী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ৯২০ লৈ বৃদ্ধি পাইছে। ভূমিকম্পত প্রায় ৩ হাজাৰ ৩০০ লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে। উদ্ধাৰকাৰীসকলে দেশখনৰ ৰাজধানী চহৰ কাৰাকাছৰ সমীপৰ ভূমিকম্পত ক্ষতিগ্রস্ত স্থানসমূহৰ পৰা আহত লোকসকলৰ জীৱন বচোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কাৰাকাছ আৰু ইয়াৰ সমীপৰ উপকূলীয় চহৰ লা গুৱাইবাৰ অট্টালিকাসমূহৰ ধবংসাবশেষৰ মাজৰ পৰা সহায় বিচাৰি মানুহৰ আৰ্তনাদ শুনিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে দেশখনত যোৱা বৃহস্পতিবাৰে প্ৰথমে ৭ দশমিক ২ প্রাবল্যৰ ভূমিকম্পৰ মাত্ৰ কেইছেকেণ্ডমান...