কাছাৰৰ পাঁচগ্ৰামত মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ স্থাপন কৰা হ’ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বৰাই আজি বিধানসভাত প্রকাশ কৰে। তেওঁ কয় যে কেষ্ট’ পেট্র’কেমিকেলে বাঁহৰ পৰা মিথানল উৎপাদনৰ এই উদ্যোগ স্থাপন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ বাঁহ অর্থনীতি পুনৰ ঠন ধৰি উঠিব আৰু কাগজ কল বন্ধ হোৱাৰ পাছত সংকটৰ সন্মুখীন হোৱা পাঁচগ্রামত পূৰ্বৰ দৰে ঔদ্যোগিক বাতাবৰণ গঢ়ি উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।
Assamese | November 27, 2025 8:07 PM | cacher
কাছাৰৰ পাঁচগ্ৰামত মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ স্থাপনৰ সিদ্ধান্ত