August 4, 2026 8:17 PM

views 7

কাছাৰত অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু হেৰ’ইন জব্দ

কাছাৰ জিলাৰ লক্ষীপুৰ থানা এলেকাৰ ভূৱন পাহাৰৰ পাদদেশৰ মতিনগৰ অঞ্চলত অসম আৰক্ষী আৰু আছাম ৰাইফলছে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু হেৰ'ইন জব্দ কৰে। অভিযানকালত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা ১৪ কিলোগ্ৰাম ওজনৰ নিচাযুক্ত টেবলেট আৰু ২২৩ গ্রাম হেৰ'ইন জব্দ কৰা হৈছে। জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য আনুমানিক ২৮ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে...

July 14, 2026 7:48 PM

views 11

কাছাৰত ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্রহণ কৰা ভূমিত গঢ়ি উঠা প্রতিষ্ঠানসমূহত প্ৰশাসনৰ উচ্ছেদ অভিযান

কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্রহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্রতিষ্ঠানসমূহত উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু নাৰ্ছাৰীত উচ্ছেদ চলায়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি একাংশ লোকে ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পূর্ণ কৰাৰ বাবে অঞ্চলটোত শতাধিক আৰক্ষীৰ লগতে চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে জিলা প্রশাসনে...

January 2, 2026 12:48 PM

views 26

কাছাৰৰ কাটিগড়াত আজি পুনৰ ৯ জন ৰোহিংগিয়াক আটক

কাছাৰৰ কাটিগড়াত আৰক্ষীয়ে আজি পুনৰ ৯ জন ৰোহিংগিয়াক আটক কৰে। পশ্চিম কাটিগড়াৰ কালাইনচ'ৰাত আৰক্ষীৰ তালাচীৰ সময়ত দুটি শিশুসহ ৯ জন অনুপ্ৰৱেশকাৰীক আটক কৰা হয়। আৰক্ষীয়ে প্ৰকাশ কৰা মতে অসম-মেঘালয় সীমান্তৰ মালিদহৰ হৈ বাংলাদেশলৈ যাবলৈ অহা লোককেইজনক একাংশ লোকে ধৰি আৰক্ষীৰ হাতত চমজাই দিয়ে। ধাৰাবাহিক জেৰাৰ অন্তত তেওঁলোক প্রকৃততে ম্যানমাৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। বাংলাদেশৰ এটা শিবিৰত বাস কৰা লোককেইজনে প্রায় ৫ বছৰ পূৰ্বে ত্ৰিপুৰা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰি কামৰ সন্ধানত দিল্লীলৈ গৈছিল। আৰক্ষীয়ে তেওঁলোকৰ পৰ...

December 17, 2025 1:00 PM

views 33

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কাছাৰ জিলা প্রশাসনৰ

কাছাৰ জিলা প্রশাসনে জনসাধাৰণ সুৰক্ষা আৰু আইন-শৃংখলা বৰ্তাই ৰখাৰ উদ্দেশ্যে জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত ততালিকে কাৰ্যকৰী হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলাখনৰ আয়ুক্ত মৃদুল যাদৱে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নম্বৰ ধাৰাৰ অধীনত এই নির্দেশ জাৰি কৰিছে। দুমাহলৈ বলবৎ হ'বলগীয়া এই নির্দেশ অনুসৰি সীমান্তৰ ১ কিলোমিটাৰ এলেকাত সূর্যাস্তৰ পৰা সুর্যোদয়লৈকে জনসাধাৰণৰ আহ-যাহ নিষিদ্ধ কৰা হৈছে। ইয়াৰ উপৰি বৰাক নদীৰ জলপথ আৰু নৈপৰীয়া অঞ্চলসমূহত চলাচল যাতায়ত আৰু মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ ...

November 27, 2025 8:07 PM

views 35

কাছাৰৰ পাঁচগ্ৰামত মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ স্থাপনৰ সিদ্ধান্ত

কাছাৰৰ পাঁচগ্ৰামত মিথানল উৎপাদনক্ষম বাঁহ উদ্যোগ স্থাপন কৰা হ'ব বুলি উদ্যোগ আৰু বাণিজ্য মন্ত্রী বিমল বৰাই আজি বিধানসভাত প্রকাশ কৰে। তেওঁ কয় যে কেষ্ট' পেট্র'কেমিকেলে বাঁহৰ পৰা মিথানল উৎপাদনৰ এই উদ্যোগ স্থাপন কৰিবলৈ আগ্রহ প্রকাশ কৰিছে। ইয়াৰ ফলত ৰাজ্যখনৰ বাঁহ অর্থনীতি পুনৰ ঠন ধৰি উঠিব আৰু কাগজ কল বন্ধ হোৱাৰ পাছত সংকটৰ সন্মুখীন হোৱা পাঁচগ্রামত পূৰ্বৰ দৰে ঔদ্যোগিক বাতাবৰণ গঢ়ি উঠিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে।

October 14, 2025 7:59 PM

views 51

এনামুল হক লস্কৰক কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশৰ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত

কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশে আজি ধৰ্ষণৰ গোচৰত এনামুল হক লস্কৰ নামৰ এজন দোষীক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। উদাৰবন্দৰ দুমুৰঘাটৰ বাসিন্দা এনামুলে যোৱা বৰ্ষৰ ৭ জুনত এগৰাকী নাবালিকাক অপহৰণ কৰি নিৰ্যাতন চলাইছিল। ঘটনাৰ তদন্তৰ অন্তত এনামুলৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে। এনামুলক দোষী সাব্যস্ত কৰি আদালতে পকছ' আইনৰ অধীনত এনামূলক ২০ হাজাৰ টকাৰ জৰিমনাসহ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নম্বৰ ধাৰাত এনামূলক অতিৰিক্ত তিনিবছৰৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহা হয়...