October 14, 2025 7:59 PM | cacher

printer

এনামুল হক লস্কৰক কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশৰ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত

কাছাৰ জিলাৰ অতিৰিক্ত ছেছন ন্যায়াধীশে আজি ধৰ্ষণৰ গোচৰত এনামুল হক লস্কৰ নামৰ এজন দোষীক ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। উদাৰবন্দৰ দুমুৰঘাটৰ বাসিন্দা এনামুলে যোৱা বৰ্ষৰ ৭ জুনত এগৰাকী নাবালিকাক অপহৰণ কৰি নিৰ্যাতন চলাইছিল। ঘটনাৰ তদন্তৰ অন্তত এনামুলৰ বিৰুদ্ধে আৰক্ষীয়ে আদালতত অভিযোগনামা দাখিল কৰে। এনামুলক দোষী সাব্যস্ত কৰি আদালতে পকছ‘ আইনৰ অধীনত এনামূলক ২০ হাজাৰ টকাৰ জৰিমনাসহ ২০ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নম্বৰ ধাৰাত এনামূলক অতিৰিক্ত তিনিবছৰৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহা হয়।