August 4, 2026 8:17 PM | cacher

printer

কাছাৰত অসম আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযানত বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু হেৰ’ইন জব্দ

কাছাৰ জিলাৰ লক্ষীপুৰ থানা এলেকাৰ ভূৱন পাহাৰৰ পাদদেশৰ মতিনগৰ অঞ্চলত অসম আৰক্ষী আৰু আছাম ৰাইফলছে যুটীয়াভাৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু হেৰ’ইন জব্দ কৰে। অভিযানকালত তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোককেইজনৰ পৰা ১৪ কিলোগ্ৰাম ওজনৰ নিচাযুক্ত টেবলেট আৰু ২২৩ গ্রাম হেৰ’ইন জব্দ কৰা হৈছে। জব্দ কৰা নিচাযুক্ত সামগ্ৰীখিনিৰ বজাৰ মূল্য আনুমানিক ২৮ কোটি টকা বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। ঘটনাৰ পাছতে আৰক্ষীয়ে এন ডি পি এছ আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।