কাছাৰৰ কাশীপুৰত জিলা প্ৰশাসনে আজি ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্রহণ কৰা ভূমিত অবৈধভাৱে গঢ়ি উঠা প্রতিষ্ঠানসমূহত উচ্ছেদ অভিযান চলায়। জিলা প্রশাসনে শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বাসগৃহ আৰু নাৰ্ছাৰীত উচ্ছেদ চলায়। উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি চৰকাৰী ভূমি অবৈধভাৱে দখল কৰি একাংশ লোকে ব্যৱসায়ীক প্ৰতিষ্ঠান নিৰ্মাণ কৰিছিল। শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পূর্ণ কৰাৰ বাবে অঞ্চলটোত শতাধিক আৰক্ষীৰ লগতে চি আৰ পি এফৰ জোৱান মোতায়েন কৰা হয়। ইয়াৰ পূৰ্বে জিলা প্রশাসনে আকাটিপুৰ অঞ্চলতো উচ্চেদ চলায়।
Assamese | July 14, 2026 7:48 PM | cacher
কাছাৰত ভাৰতমালা প্ৰকল্পৰ অধীনত প্ৰস্তাৱিত পথ নিৰ্মাণৰ বাবে অধিগ্রহণ কৰা ভূমিত গঢ়ি উঠা প্রতিষ্ঠানসমূহত প্ৰশাসনৰ উচ্ছেদ অভিযান