তিনিদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি বঙাইগাওঁ জিলা আয়ুক্ত কাৰ্যালয়ত জিলা আয়ুক্ত নৱদ্বীপ পাঠক সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে এখন পৰ্যালোচনা সভাত মিলিত হয়। সভাত ৰাজ্যপালগৰাকীয়ে কয় যে সকলো চৰকাৰী বিষয়ববীয়াই যিহেতু জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ মনোনিৱেশ কৰিছে, গতিকে সকলো বিভাগৰ বিষয়াই জনসাধাৰণক যথাসম্ভৱ সেৱা আগবঢ়াব লাগে। কৃষি, শিক্ষা, পৰিবহন, স্বাস্থ্য সকলো ক্ষেত্ৰতে জনসাধাৰণৰ কল্যাণৰ বাবে বিভাগীয় বিষয়াসকল দায়বদ্ধ হব লাগে বুলি শ্ৰীকাটাৰীয়াই উল্লেখ কৰে। জিলাখনৰ আধাৰ সংযোগৰ ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই জিলা প্ৰশাসনক প্রসংশা কৰাৰ লগতে জিলাখনত ৰূপায়িত উন্নয়নমূলক কামসমূহত ৰাজ্যপালগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।
Assamese | July 26, 2024 6:40 PM | Bongiagoan
বঙাইগাওঁত জিলা আয়ুক্ত সমন্বিতে বিভাগীয় মুৰববীসকলৰ সৈতে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ পৰ্যালোচনা সভা