বাক্সা জিলাৰ মুছলপুৰৰ বাথৌফুৰি খেলপথাৰত আজি বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত হয়। কৃষি বৈচিত্ৰতা বৃদ্ধি আৰু কৃষক সমাজৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে বিটিআৰৰ সমবায় সমিতিসমূহক একত্ৰিত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে আলোচনাচক্ৰ আৰু প্ৰদৰ্শনীৰ উদ্বোধন কৰি কৃষিখণ্ডত সমবায় সমিতিয়ে পালন কৰা পৰিৱৰ্তনশীল ভূমিকা সন্দৰ্ভত মন্তব্য কৰে। বিটিআৰৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মসহ বহুকেইগৰাকী ব্যক্তিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।
Assamese | October 25, 2024 7:45 PM | Baksa
বাক্সাত বিটিচিৰ অধীনত এলানি আলোচনাচক্ৰ আৰু প্রদর্শনী অনুষ্ঠিত