July 13, 2026 6:48 PM

views 6

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়াত পামি বৰঠাকুৰৰ সাক্ষ্য প্ৰদানৰ বাবে কাইলৈ দিন ধাৰ্য

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ অনুষ্ঠিত হয়। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতত আজি জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিয়ে সাক্ষ্য প্রদান কৰে। অৱশ্যে সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদান প্রক্র...

July 13, 2026 6:42 PM

views 9

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী ২-৩ দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আ...

July 13, 2026 6:42 PM

views 7

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ প্রশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতর্কতা জাৰি কৰিছে। প্ৰশাসনে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে, সোৱণশিৰি নদীৰো জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি ...

July 13, 2026 6:38 PM

views 9

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত...

July 13, 2026 6:35 PM

views 2

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবৰ্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ ১৮ টা কেন্দ্র ক্রমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত তিনিটা পর্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্...

July 13, 2026 6:33 PM

views 11

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ

ইংলেণ্ডৰ বিৰুদ্ধে লৰ্ডছত অনুষ্ঠিত একমাত্র টেষ্ট মেচখনত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে ২৭০ ৰাণত জয়লাভ কৰিছে। টেষ্টখনত জয়ৰ বাবে ৪৫৭ ৰাণৰ লক্ষ্যৰে খেলি ঘৰুৱা দল ইংলেণ্ডৰ আজি দ্বিতীয় ইনিংছ ১৮৬ ৰাণতে সমাপ্ত হয়। ইংলেণ্ডৰ হৈ এমী জোনছে ৫৪ আৰু ছফী একলেষ্টনে ৫০ ৰাণ কৰাৰ বাহিৰে বাকী বেটাৰসকল ব্যৰ্থ হয়। ভাৰতৰ ...

July 13, 2026 6:30 PM

views 4

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত আজি পুনৰ আৰম্ভ হৈছে। আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আদালতে জাৰি কৰা চমনৰ ভিত্তিত আদালতত উপস্থিত হোৱা জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্ৰদানৰ প্রক্রিয়া ফাষ্ট ট্ৰে...

July 13, 2026 6:21 PM

views 4

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে

শৰাইঘাটৰ পুৰণি দলং মেৰামতিৰ বাবে আজিৰেপৰা দুমাহৰ বাবে বন্ধ ৰখা হৈছে। মেৰামতিৰ বাবে পুৰণি দলংখন বন্ধ ৰখাৰ পৰিপ্ৰেক্ষিতত নতুন দলঙেৰে যাতায়াত ব্যৱস্থা চলিব বুলি প্ৰকাশ কৰা হৈছে। ৰে’ল বিভাগে দলংখন মেৰামতিৰ দায়িত্ব লৈছে। উল্লেখযোগ্য যে দলংখন ১৫ ছেপ্তেম্বৰলৈ বন্ধ থাকিব বুলি কিছুদিন পূৰ্বে কামৰূপ মহানগৰ ...

July 13, 2026 6:19 PM

views 8

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্র যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আ...

July 13, 2026 6:16 PM

views 6

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত

মুখ্যমন্ত্ৰীৰ আন্তৰ্জাতিক অসম অভিযান দ্বিতীয় পৰ্যায়ৰ হিতাধিকাৰীসকলৰ বাবে আজি এটা প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। ওদালগুৰি জিলাৰ টংলা মহাবিদ্যালয়ত অনুষ্ঠিত এই ই ডি পি প্রশিক্ষণ কাৰ্যসূচীত হিতাধিকাৰীসকলৰ বাবে জ্ঞান আহৰণৰ সুযোগ সৃষ্টি, উদ্যোগিকৰণৰ দক্ষতা বৃদ্ধি কৰা আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ...