চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’ এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ’ এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে।
অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ’ এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কর্তৃপক্ষই মাটি খান্দি গেছ নির্গমনৰ মূল উৎস বিচাৰি উলিয়াবলৈ চেষ্টা কৰে যদিও সেয়া বিফল হয়।
অঞ্চলটোত এতিয়াও গেছ নির্গমন হৈ থকাৰ বাবে নিৰাপত্ত ব্যৱস্থা কটকটীয়া কৰা হৈছে। অঞ্চলটোৰ ৰাইজে জনবসতিপূর্ণ অঞ্চলত থকা আওপুৰণি পাইপসমূহ সলনি কৰিবলৈ কৰ্তৃপক্ষক দাবী জনাইছে।