July 13, 2026 6:38 PM

views 31

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ’এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে

চৰাইদেউ জিলাৰ লাকুৱা বাগান তিনিআলিৰ ভাজনী পথাৰত অ' এন জি চিৰ গেছ পৰিবাহী পাইপলাইন ফাটি কালি নিশাৰ পৰা গেছ নিৰ্গত হৈ থকা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। অ' এন জি চিৰ লাকুৱা তৈল ক্ষেত্ৰৰ অন্তৰ্গত বাগান তিনিআলিৰ কিষ্ট বস্তি নিবাসী জীতেন কাহাৰ নামৰ লোকজনৰ বাৰীত পাইপ ফাটি গেছ নিৰ্গত হয় আৰু নিশাৰ ভাগত গেছৰ শব্দ আৰু গোন্ধ বিয়পি পৰে। অঞ্চলটোৰ ৰাইজে অগ্নিকাণ্ড আৰু বিস্ফোৰণৰ আশংকাত কৰ্তৃপক্ষক খবৰ দিয়াত আজি দিনৰ ভাগত অ' এন জি চিৰ এটা কাৰিকৰী দল ঘটনাস্থলীত উপস্থিত হয়। কর্তৃপক্ষই মাটি খান্দি গেছ নির্গ...

June 24, 2025 12:58 PM

views 84

ভটিয়াপাৰত ১৪৭ নম্বৰ তৈলখাদৰ গেছ নিৰ্গমন আগন্তুক দুই-এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা

শিৱসাগৰৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটিয়াপাৰত থকা ১৪৭ নম্বৰ তৈলখাদটোৰ পৰা হোৱা গেছ নিৰ্গমন অহা দুই- এদিনৰ ভিতৰতে সম্পূৰ্ণকৈ নিয়ন্ত্ৰিত হোৱাৰ আশা কৰা গৈছে। তিনিগৰাকী মার্কিন তৈলখাদ বিশেষজ্ঞ - কেনেট ৰাইট, ৰবাৰ্ট মেলানকন আৰু উইলিয়াম মেকড’নাল্ডৰ তত্বাৱধানত গেছ নির্গমন বন্ধ কৰিবলৈ চলাই থকা অভিযান আজিও অব্যাহত আছে। গেছ নিগমনৰ উৎস বন্ধ কৰাৰ বাবে গুৱাহাটীৰ পৰা নিয়া বুম ক্রেন অর্থাৎ দীঘলীয়া ক্রেনখনকো কামত লগোৱা হৈছে। গেছ নিৰ্গমনৰ পৰিমাণ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষই ঘটনাস্থলীৰ ৫০০ মিটাৰ ব্যাসাৰ্ধৰ...

June 23, 2025 7:18 PM

views 72

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস

শিৱসাগৰৰ ভটিয়াপাৰত থকা অ’ এন জি চিৰ ১৪৭ নম্বৰ ৰীগৰ গেছ নিগমনৰ চাপ ৫০ শতাংশলৈ হ্ৰাস হৈছে। আজি বিয়লি ঘটনাস্থলী পৰিদৰ্শন কৰা মন্ত্ৰী যোগেন মহনে এই বিষয়ে আমাৰ সংবাদদাতাক অৱগত কৰে। আজি মন্ত্ৰীগৰাকীৰ লগতে বিজেপিৰ এটা সজাতি দলে অঞ্চলটো পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে বিগত ১২ দিনে অ’ এন জি চিয়ে সকলো সুৰক্ষা প্ৰট’কল অনুসৰণ কৰি গেছ নিগমন ৰোধ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি অ’ এন জি চিৰ অসম সম্পদৰ সাধাৰণ প্ৰবন্ধক কে এন ছাংৱানে সংবাদ মাধ্যমক সদৰি কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ...