May 9, 2024 5:32 PM

views 53

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ ...

May 9, 2024 5:29 PM

views 49

আজি উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে অযোধ্যা ভ্ৰমণ কৰিব

♦ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে আজি অযোধ্যা ভ্ৰমণ কৰিব। নিজৰ এদিনীয়া অযোধ্যা ভ্রমণসূচিত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে অযোধ্যাস্থিত শ্ৰীৰামলালা মন্দিৰ, হনুমানগঢ়ি মন্দিৰ, কুবেৰ টিলা দৰ্শন কৰাৰ লগতে সৰ ঘাটত হ'বলগীয়া আৰতিতো অংশগ্ৰহণ কৰিব।

May 9, 2024 5:25 PM

views 32

মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ প্রধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্রতাপৰ জন্ম বার্ষিকী উপলক্ষে মহান বীৰগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে, মহাৰাণা প্রতাপৰ জীৱনটোক সাহস, আত্মসন্মান আৰু শৌর্যৰ প্ৰতীক বুলি অভিহিত কৰি কয় যে, তেওঁৰ এই গুণাৱলীয়ে দেশবাসীক আজিও অনুপ্ৰাণিত কৰি আহিছে।

May 9, 2024 5:17 PM

views 50

বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিলিভাৰ্ছ ইষ্টার্ণ চাৰ্চৰ মেট্ৰ’ পলিটান মৰান ম’ৰ এথানাছিয়াছ য়’হানৰ বিয়োগত শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে, সমাজৰ প্ৰতি আগবঢ়োৱা সেৱা আৰু বঞ্চিত লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ প্ৰতি আৰোপ কৰি অহা গুৰুত্বৰ বাবেই তে...

May 9, 2024 5:10 PM

views 45

আই পি এলঃ সন্ধিয়া ৭.৩০ বজাত পাঞ্জাব কিংছ বনাম ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু

♦ আই পি এল ক্রিকেট প্রতিযোগিতাত আজি ধৰ্মশালাত হ’বলগীয়া এখন খেলত পাঞ্জাব কিংছ ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। যোৱানিশা হায়দাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দাবাদে লক্ষ্ণৌ ছুপাৰ জায়েণ...

May 9, 2024 12:49 PM

views 39

৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অভিযান তীব্ৰতৰ

দেশৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নিৰ্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব'ত ভাগ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগ...

May 9, 2024 12:47 PM

views 42

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮৬ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ ...

May 9, 2024 12:44 PM

views 58

ৰাষ্ট্ৰপতি ভৱনত আজি দেশৰ অন্যতম সর্বোচ্চ অসামৰিক সন্মান প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত পদ্ম বঁটা প্ৰদান কৰিব। দেশৰ অন্যতম সর্বোচ্চ অসামৰিক বঁটাটি পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী-এই তিনিটা শাখাত প্ৰদান কৰা হয়। কলা, সামাজিক কর্ম, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰ...

May 9, 2024 12:40 PM

views 28

মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ মে’লৈ বৃদ্ধি

দিল্লীৰ ৰাউজ এভিনিউ আদালতে আবকাৰি নীতিৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী মনীষ ছিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ মে'লৈ বৃদ্ধি কৰিছে। পূৰ্বৰ ন্যায়িক জিম্মাৰ ম্যাদ সমাপ্ত হোৱাৰ পাছত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে কালি ন্যায়ালয়ৰ সন্মুখত হাজিৰ হোৱা সময়ত বিশেষ ন্যায়াধীশ কাৱেৰে বাৱেজাই ছিছোদিয...

May 9, 2024 12:38 PM

views 56

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা বাংলাদেশ ভ্রমণসূচীৰে কালি ঢাকাত উপস্থিত

ভাৰতৰ বিদেশ সচিব বিনয় মোহন কোৱাট্রা কালি চমু বাংলাদেশ ভ্রমণসূচীৰে ঢাকাত উপস্থিত হয়। শ্ৰীকোৱাট্রাই আজি বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনা আৰু বিদেশ মন্ত্রী হাছান মাহমুদক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। সামাজিক মাধ্যমৰ এটা পোষ্টত বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ে শ্ৰীকোৱাট্টাৰ এই ভ্রমণ সন্দৰ্ভত সবিশেষ প্ৰকা...