May 9, 2024 12:47 PM | Election update

printer

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায় বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮৬ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ বুলি বিবেচিত হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশৰ ১৪ খন, মহাৰাষ্ট্ৰৰ ১৩ খন, পশ্চিমবংগৰ ৭খন, বিহাৰ আৰু ওড়িশাৰ ৫ খনকৈ, ঝাৰখণ্ডৰ তিনিখন, আৰু জম্মু কাশ্মীৰ তথা লাডাখত এখনকৈ আসনৰ বাবে ২০ মে’ত ভোটগ্ৰহণ কৰা হব।