May 9, 2024 8:05 PM

views 37

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্...

May 9, 2024 8:54 PM

views 45

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি ...

May 9, 2024 6:55 PM

views 48

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত এটি শিশু মৃত্যুৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে। লগতে তেওঁ ছোৱাইন...

May 9, 2024 6:46 PM

views 55

শীৰ্ষস্থান অবিহনে অসম উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। এইবাৰ শীৰ্ষস্থান অবিহনে এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। ফলাফল অনুসৰি কলা শাখাত ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত ৮৯.৮৮ শতাংশ, বাণিজ্য শাখাত ৮৭.৮০ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰিক...

May 9, 2024 6:42 PM

views 56

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ...

May 9, 2024 6:33 PM

views 41

ঝাৰখণ্ডৰ ৩খন আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ এখনকৈ আসনৰ বাবে অহা ২০ মে’ত ভোটগ্ৰহণ

♦ লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ এহেজাৰ ৫৮ খন মনোনয়ন পত্র দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যা...

May 9, 2024 6:24 PM

views 54

ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত সন্মানীয় পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী এই তিনিটা শিতানত প্ৰদান কৰা হয়৷ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক...

May 9, 2024 6:12 PM

views 41

লোকসভা নিৰ্বাচনৰ পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

♦ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। চতুর্থ পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে মাত্ৰ তিনিটা দিন থকা অৱস্থাত প্রধান ৰাজনৈতিক দলসমূহৰ আগশাৰীৰ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ বাবে জনসাধাৰণৰ পৰা সমৰ্থন বিচাৰি প্ৰচাৰ অভিযানত অং...

May 9, 2024 5:38 PM

views 62

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা নিশ্চিত

লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ত দেশৰ ৬ খন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিৰ বাবে মুঠ ৬৯৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাটো নিশ্চিত হৈছে। এই পৰ্যায়ৰ বাবে মুঠ ১,৫৮৬ খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু পৰীক্ষাৰ অন্তত ৭৪৯ খন মনোনয়ন বৈধ হিচাপে বিবেচিত হৈছে। এই পৰ্যায়ত উত...

May 9, 2024 5:40 PM

views 49

লোকসভা নিৰ্বাচনৰ বাবে ৩ গৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্ৰকাশ বিজেপিৰ

বিজেপিয়ে কালি লোকসভা নিৰ্বাচনৰ বাবে তিনিগৰাকী প্ৰাৰ্থীৰ নাম থকা আন এখন তালিকা প্ৰকাশ কৰে। তালিকা অনুসৰি দলটোৱে পঞ্জাৱৰ আনন্দপুৰ চাহিব আসনৰ পৰা ড০ সুভাষ শৰ্মা আৰু ফিৰোজপুৰ আসনৰ পৰা ৰানা গুৰমিত সিং সোধীক প্ৰক্ষেপ কৰাৰ বিপৰীতে অৰবিন্দ খান্নাক চক্ৰৰ সংসদীয় সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে।