লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ কৰা হৈছে। প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত চাৰিওটা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ আৰম্ভ হয়। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যৰ ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে ৰাজ্যখনৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ ৩০০ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰি তাত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। তদুপৰি ৫ হাজাৰ ২৬৬ টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। আমালৈ শেহতীয়াকৈ অহা বাতৰি মতে দিনৰ এক বজালৈকে ৰাজ্যত ৪৫.৮৮ শতাংশ ভোটদান সম্পন্ন হৈছে। গুৱাহাটী সমষ্টিত ৪২.১৩ শতাংশ, বৰপেটা সমষ্টিত ৪৬.৮৩ শতাংশ, কোকৰাঝাৰত ৪৬.৪৩ শতাংশ আৰু ধুবুৰীত ৪৭.৭৩ শতাংশ ভোটদান সম্পন্ন হৈছে। কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ মুঠ ১,০২৬ টা ভোটগ্রহণ কেন্দ্ৰৰ ১০০ টা মহিলাৰ দ্বাৰা পৰিচালিত হোৱাৰ লগতে ২৬ টা কেন্দ্ৰ আদর্শ ভোটকেন্দ্ৰ হিচাপে সজাই-পৰাই তোলা হৈছে। গুৱাহাটী লোকসভা সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
Assamese | May 7, 2024 2:39 PM | 3rd Phase Election | Assamese News | Lok Sabha Elections 2024 | Lok Sabha polls | Political
ৰাজ্যত ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব