October 1, 2024 12:51 PM

views 72

জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ৫ হাজাৰ ৬০ টা কেন্দ্ৰত ভোটদান অব্যাহত আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ভোটদাতাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধ...

October 1, 2024 10:21 AM

views 93

জম্মু-কাশ্মীৰত আজি তৃতীয় পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত

■ জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিত শান্তিপূর্ণ ভোটগ্ৰহণৰ বাবে ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ভোটাৰৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধা সুনিশ্চিত কৰা হৈছে আৰু ভোটকেন্দ্ৰসমূহত ২০ হাজাৰতকৈ অধিক প’লিং বিষয়া নিয়োগ কৰা হৈছে। কাশ্মীৰৰ সংমণ্ডলৰ বাৰামূল্লা, কুপৱাৰা, বাণ্ডিপুৰা আৰু জম্মু সংমণ্ডলৰ জম্মু, উধমপুৰ, কাঠুৱা আৰু ...

May 11, 2024 12:29 PM

views 49

ৰাজ্যত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগৰ প্ৰকাশ

ৰাজ্যৰ ৪টা সমষ্টিত কালি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭১ শতাংশ ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰা বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। ইপিনে, ভোটগ্রহণ হোৱাৰ পাছত ই ভি এমসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ষ্ট্ৰং ৰূমত ৰখা হৈছে। ষ্ট্ৰং ৰূমসমূহত ৩ তৰপীয়া নিৰাপত্তা ব্যৱস্থা কৰাৰ লগতে চিচি কেমেৰাৰ দ্বাৰা অহৰহ নিৰীক্ষণত ৰখা হৈছে। উল্লেখযোগ্য যে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ সমষ্টিত ৬ গৰাকী মহিলা প্রার্থীকে ধ...

May 8, 2024 11:51 AM

views 74

ৰাজ্যত কালি শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন

অসমৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত কালি ৰাজ্যৰ চাৰিটা সমষ্টিত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হয়। নির্বাচন আয়োগে কালি মাজনিশা প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৮১.৭-১ শতাংশ ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰে। প্ৰতিকূল বতৰৰ মাজতো কালি ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত ভোটদাতাসকলে পুৱাৰে পৰা দীঘলীয়াকৈ শাৰী পাতি ভোটদান কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে এইটো পৰ্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰি...

May 7, 2024 9:32 PM

views 46

তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত সমগ্ৰ দেশত ৬১. ৪৫ শতাংশ ভোটৰ বিপৰীতে অসমত  ৭৫.৩ শতাংশ ভোটদান

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি সমগ্ৰ দেশতে নিশা ৮ বজা পর্যন্ত ৬১. ৪৫ শতাংশ ভোটদান সম্পন্ন হৈছে। অসমত ৭৫.৩ শতাংশ ভোটদান সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। গুৱাহাটী সমষ্টিত ৬৮.৯৩ শতাংশ, বৰপেটা সমষ্টিত ৭৬.৭৩ শতাংশ, কোকৰাঝাৰত ৭৪ .২৪ শতাংশ আৰু ধুবুৰীত ৭৯.৭ ০ শতাংশ ভোটদান সম্পন্ন হয়। দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন হয়। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯...

May 7, 2024 8:38 PM

views 54

প্রতিকূল বতৰ, শাৰীৰিক বাধা নেওচি নাগৰিকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

প্রতিকূল বতৰকো নেওচি আজি ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদাতাই ব্যাপক উছাহ, উদ্দীপনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আদর্শ ভোটগ্রহণ কেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। একেদৰে ভোটকেন্দ্ৰসমূহত পুৰুষ-মহিলা আৰু দিব্যাংগ, গৰ্ভৱতী মহিলা, জ্যেষ্ঠ নাগৰিকৰ পৃথক পৃথক শাৰীৰ ব্যৱস্থা কৰা হয়। কেইবাটাও ভোটকেন্দ্ৰত নৱজাত শিশুসহ অহা মাতৃ, শাৰীৰিক বাধা অতিক্ৰম কৰি হুইলচেয়াৰত নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ অহা বহুকেইজন জ্যেষ্ঠ নাগৰিকে দৃষ্টি আক...

May 7, 2024 8:17 PM

views 58

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত আজি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হয়। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দিতা আগবঢ়াইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্রতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০০৪ চনত কংগ্ৰ...

May 7, 2024 8:14 PM

views 62

দেশৰ ৯৩ টা সমষ্টিত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত শান্তিপূর্ণভাৱে ভোটগ্রহণ

দেশৰ ১০ খন ৰাজ্যৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চল দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ মুঠ ৯৩ টা সমষ্টিত আজি লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণ হৈছে। শান্তিপূর্ণভাৱে চলা ভোটগ্রহণ প্ৰক্ৰিয়াত ভোটদাতাসকলৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হৈছে। গুজৰাটৰ ২৫ টা, কৰ্ণাটকৰ ১৪ টা, মহাৰাষ্ট্ৰৰ ১১ টা, উত্তৰ প্ৰদেশৰ ১০ টা, মধ্য প্ৰদেশৰ ৯টা, ছত্তিশগড় ৭টা, বিহাৰৰ ৫টা, অসমৰ ৪টা, পশ্চিমবংগৰ ৪টা, গোৱাৰ দুটা সমষ্টিৰ লগতে কেন্দ্রীয় শাসিত দাদৰ-নগৰ হাভেলি আৰু দমন-ডিউৰ এটাকৈ সমষ্টিত আজি ভোটগ্ৰহণ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি তৃত...

May 7, 2024 8:10 PM

views 61

অসমৰ ৪ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৭৪.৮৬ শতাংশ অধিক ভোটদান

ৰাজ্যৰ ৪ টা সমষ্টিত আজি ৫ বজাৰ লগে লগে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্রদান কৰি থকা হৈছে। বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৭৪.৮৬ শতাংশ অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। প্ৰতিকূল বতৰ স্বত্বেও আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা ৭ বজাৰে পৰা ভোটদাতাৰ দিঘলীয়া শাৰী পৰিলক্ষিত হয়। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হৈছে ...

May 7, 2024 2:39 PM

views 61

ৰাজ্যত ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত আজি অসমৰ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত ভোটগ্রহণ কৰা হৈছে। প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাত চাৰিওটা সমষ্টিৰ ভোটকেন্দ্ৰসমূহত ভোটগ্ৰহণ আৰম্ভ হয়। এই পর্যায়ত ৰাজ্যখনৰ ৪ খন আসনৰ বাবে ছগৰাকী মহিলাকে ধৰি মুঠ ৪৭ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ৰাজ্যৰ ৯,৫০০ টা ভোটগ্রহণ কেন্দ্ৰত ৮১ লাখৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ইতিমধ্যে ৰাজ্যখনৰ সৈতে সংযুক্ত আন্তঃৰাষ্ট্ৰীয় সীমাসমূহ ছীল কৰি দিয়া হৈছে। ৰাজ্যৰ ৩০০ টা ভোটকেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিহ...