ৰাজ্যিক মন্ত্রীসভাই নতুনকৈ ১০ খন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙামাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈ এই সমজিলাকেইখন গঠন কৰা হ’ব। অসম মন্ত্ৰীসভাৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত নির্মীয়মান অৱস্থাত থকা ৮ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য এইবছৰতে দ্রুত গতিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰীসভাই আঢ়ৈ শ কোটি টকাৰ অনুমোদন জনাইছে। ইতিমধ্যে এই চিকিৎসালয়কেইখন নিৰ্মাণৰ বাবে ২ হাজাৰ ৫০০ কোটি টকা ব্যয় কৰা হৈছে বুলি তেওঁ কয়। ইপিনে, ডিব্ৰুগড়, যোৰহাট, বোকাখাত আৰু বজালীত ৰাজ্য চৰকাৰে গঠন কৰা দুগ্ধ উৎপাদন কেন্দ্ৰকেইটাৰ পৰিচালনাৰ দায়িত্ব নর্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডক অৰ্পন কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত লৈছে।
Assamese | April 12, 2025 9:34 PM | assam cabinet cm
ৰাজ্যত নতুনকৈ ১০খন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্ৰীসভাৰ