April 12, 2025 9:34 PM

views 48

ৰাজ্যত নতুনকৈ ১০খন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ ৰাজ্যিক মন্ত্ৰীসভাৰ

ৰাজ্যিক মন্ত্রীসভাই নতুনকৈ ১০ খন সমজিলা গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কামৰূপ জিলাৰ বকো আৰু পলাশবাৰী, শোণিতপুৰৰ বৰছলা আৰু ৰঙামাৰা, তিনিচুকীয়াৰ মাকুম আৰু ডিগবৈ, যোৰহাটৰ টিয়ক আৰু মৰিয়নি, কাছাৰৰ ধলাই আৰু গোৱালপাৰাৰ দুধনৈ এই সমজিলাকেইখন গঠন কৰা হ'ব। অসম মন্ত্ৰীসভাৰ আজি দিছপুৰত অনুষ্ঠিত বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত নির্মীয়মান অৱস্থাত থকা ৮ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য এইবছৰতে দ্রুত গতিত আগবঢ়াই নিয়াৰ বাবে মন্ত্ৰীসভাই...

March 27, 2025 8:31 PM

views 37

দৰং জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অসম মন্ত্ৰী সভাৰ বৈঠকত অনুমোদন

দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত দৰং জিলাত ৫৭২ কোটি টকা ব্যয় সাপেক্ষে এখন চিকিৎসা মহাবিদ্যালয় স্থাপনত অনুমোদন জনায়। চিকিৎসা মহাবিদ্যালয়খনৰ লগতে এখন বি এছ চি নাৰ্ছিং মহাবিদ্যালয় আৰু  এখন জি এন এম নাৰ্ছিং স্কুল স্থাপনতো আজিৰ বৈঠকত অনুমোদন জনোৱা হয়।

February 17, 2025 12:59 PM

views 37

অসমীয়া ভাষাতো প্ৰকাশ পাব চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনা

মন্ত্রীসভাই ১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰাৰ বাবেও সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে কৰা আলোচনা অনুসৰি এই দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ প্ৰতিবেদনৰ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ সমৰ্থ ৫২ টা পৰামৰ্শৰ ভিতৰত ৩৮ টা ৰূপায়ণ প্ৰক্ৰিয়াত দুয়োপক্ষই সহমতত উপনীত হয়। এই অনুসৰি ৰাজ্যখনৰ পুৰণি আইন, বিধিসমূহ অসমীয়ালৈ ভাষান্তৰৰ বাবে সমিতিখনে ...

December 20, 2024 12:30 PM

views 44

নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় ১০,৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অসম মন্ত্ৰীৰ অনুমোদন

অসম মন্ত্ৰীসভাই নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ১০ হাজাৰ ৬০১ কোটি টকাৰ ৪০ শতাংশ অংশীদাৰিত্ব লোৱাৰ সিদ্ধান্তত অনুমোদন জনাইছে। দিছপুৰত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৰ্তমান ১ লাখ ৮০ হাজাৰ মেট্রিক টন ইউৰিয়া উৎপাদন হোৱা এই সাৰ কাৰখানাটোৰ চতুৰ্থ গোটটো কার্যক্ষম হ'লে ১২ লাখ মেট্রিক টন ইউৰিয়া আৰু এম’নিয়া উৎপাদন কৰা হ'ব। মন্ত্রীসভাই লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসূচিত তালিকা...