মন্ত্রীসভাই ১৪ এপ্ৰিলৰ পৰা চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাসমূহ ইংৰাজীৰ লগতে অসমীয়া ভাষাত প্ৰকাশ কৰাৰ বাবেও সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰে অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দৰ সৈতে কৰা আলোচনা অনুসৰি এই দফা ৰূপায়ণৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিৰ প্ৰতিবেদনৰ ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ সমৰ্থ ৫২ টা পৰামৰ্শৰ ভিতৰত ৩৮ টা ৰূপায়ণ প্ৰক্ৰিয়াত দুয়োপক্ষই সহমতত উপনীত হয়। এই অনুসৰি ৰাজ্যখনৰ পুৰণি আইন, বিধিসমূহ অসমীয়ালৈ ভাষান্তৰৰ বাবে সমিতিখনে প্রতিবেদনত উল্লেখ কৰা পৰামৰ্শ অনুসৰি গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ক এই ভাষান্তৰৰ দায়িত্ব অর্পণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
Assamese | February 17, 2025 12:59 PM | assam cabinet cm
অসমীয়া ভাষাতো প্ৰকাশ পাব চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনা