ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও দল-সংগঠনে এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰ সংস্থাপনৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা বুলি প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ, আম আদমী পাৰ্টীৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলেও বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আজি চহৰখনৰ মাজেৰে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। একেদৰে তামুলপুৰতো জিলা ছাত্রসন্থাই স্মার্ট মিটাৰত বিদ্যুৎ মাচুল বৃদ্ধি তথা অনিয়মিত বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ দলৰ উদ্যোগত বৰপেটা জিলাৰ লগতে অন্যান্য কেইবাটাও অঞ্চলত এই বিষয়টোৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত কৰা হয়। বৰপেটা জিলাৰ চেঙা বিদুৎ বিভাগৰ সংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখত আজি বহুলোকে প্ৰতিবাদ সাবস্ত কৰেয়। একেদৰে অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলাৰ নাজিৰা আৰু শিমলুগুৰিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়েও আজি প্ৰতিবাদ সাব্যস্ত কৰে।
Assamese | August 27, 2024 7:05 PM | Smart meter
এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী