September 16, 2024 7:40 PM

views 42

ৰাজ্যৰ বিভিন্ন স্থানত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত

ৰাজ্যৰ বিভিন্ন স্থানত স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে। ৰাজ্যৰ কেইবাটাও দল সংগঠনে আজি বিভিন্ন স্থানত থকা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ স্থানীয় কার্যালয়সমূহত প্রতিবাদ সাব্যস্ত কৰে। নগাঁওৰ চামগুৰি, বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালয় হৈ চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় পর্যন্ত প্রতিবাদী সমদল উলিওৱা হয় আৰু প্ৰতিবাদকাৰীয়ে ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। চৰাইদেউ জিলাৰ সোণাৰীতো স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয়।

August 27, 2024 7:05 PM

views 39

এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কেইবাটাও দল-সংগঠনে এ পি ডি চি এলৰ প্রিপেইড স্মার্ট মিটাৰ সংস্থাপনৰ পাছত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা বুলি প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ, আম আদমী পাৰ্টীৰ উপৰি সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলেও বিভিন্ন জিলাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । সদৌ নগাঁও জিলা ছাত্ৰ সন্থাই আজি চহৰখনৰ মাজেৰে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। একেদৰে তামুলপুৰতো জিলা ছাত্রসন্থাই স্মার্ট মিটাৰত বিদ্যুৎ মাচুল বৃদ্ধি তথা অনিয়মিত বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্ৰেছ দলৰ উদ্যোগত বৰপেটা...