কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কাইলৈ নতুন দিল্লীত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিব। এই উপলক্ষে শ্ৰী শ্বাহে চাইবাৰ অপৰাধৰ পৰা সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা মুকলি কৰাৰ লগতে চাইবাৰ প্ৰৱঞ্চনা প্ৰতিৰোধী কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব। অনুষ্ঠানত গৃহমন্ত্ৰীগৰাকীয়ে সমন্বয় শীৰ্ষক এটা ৱেব আধাৰিত মড্যুল মুকলি কৰিব। তেওঁ লগতে চাইবাৰ সুৰক্ষা বৃদ্ধি কৰাৰ বাবে ৰাজ্যৰ কেন্দ্ৰীয়শাসিত অঞ্চল তথা কেন্দ্রীয় আৰক্ষী সংস্থা প্রশিক্ষিত বিশেষজ্ঞৰ এটা শাখা মুকলি কৰি চাইবাৰ কমাণ্ডো কাৰ্যসূচীও উদ্বোধন কৰিব।
Assamese | September 10, 2024 1:01 PM | Amit sah
ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ প্ৰথম প্ৰতিষ্ঠা দিৱস অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ