কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ‘ব। শ্ৰী শ্বাহে আজি তিৰুৱনন্তপুৰমৰ পুথৰিকাণ্ডম খেলপথাৰত বিজেপিৰ ৱাৰ্ড স্তৰৰ বৈঠক সম্বোধন কৰি কয়, যে বিকশিত কেৰালা, বিকশিত ভাৰতৰ এক অভিন্ন অংগ। তেওঁ দুর্নীতি মুক্ত শাসন, সকলো শ্ৰেণী লোকৰ মাজত চৰকাৰী আঁচনিসমূহৰ সম-উপলভ্যতা, ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত উন্নয়ন- প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই তিনিটা মুখ্য বিষয়ে কেৰালাৰ বিকাশৰ বাবে বুনিয়াদ সৃষ্টি কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কিদৰে অপাৰেচন সিন্দূৰ আৰু ছাৰ্জিকেল স্ট্রাইকৰ জৰিয়তে সন্ত্রাসবাদৰ বিৰুদ্ধে উচিত প্ৰত্যুত্তৰ দিলে, সেই কথা উল্লেখ কৰি মোদী চৰকাৰৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি থকা দায়বদ্ধতাৰ শলাগ লয়।
অনুষ্ঠানত প্ৰদেশ বিজেপিৰ অধ্যক্ষ ৰাজীৱ চন্দ্ৰশেখৰ, কেৰালা বিজেপিৰ প্ৰভাৰী প্ৰকাশ জাভেডকাৰ, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী জৰ্জ কুৰিয়েন আৰু অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে। দক্ষিণ কেৰালাৰ প্ৰায় ৩৬ হাজাৰ দলীয় নেতৃবৃন্দই অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানটোত এই বছৰৰ শেষত হ‘বলগীয়া স্থানীয় নিৰ্বাচনৰ আগে আগে অনুষ্ঠিত কৰা হয়। ইয়াৰ পূৰ্বে শ্ৰী শ্বাহে তিৰুৱনন্তপুৰৰ্মত বিজেপিৰ নৱনিৰ্মিত ৰাজ্যিক মুখ্য কাৰ্যালয়টো মুকলি কৰে।
Assamese | July 12, 2025 8:46 PM | Amit sah
প্রধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ উন্নয়নৰ জৰিয়তেহে পূৰণ হ’ব বুলি অমিত শ্বাহৰ প্ৰকাশ