কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ কৰিছে। তেলেংগানাৰ নিজামাবাদত অনুষ্ঠিত কৃষক সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয়, যে জনজাতি লোক তথা আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ লোকক হত্যা কৰা সকলৰ সৈতে কোনো ধৰণৰ আলোচনা সম্ভৱ নহয়। গৃহমন্ত্ৰীগৰাকীয়ে বাঁওপন্থী সন্ত্রাসবাদীসকলক অস্ত্ৰ সম্বৰণ কৰি দেশৰ মূল সুঁতিলৈ উভতি আহিবিলৈ আহ্বান জনায়। শ্ৰীশ্বাহে অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত ভাৰতক মাওবাদী মুক্ত কৰাৰ বাবে কেন্দ্ৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। কংগ্ৰেছে তেলেংগানাত মাওবাদীসকলক আশ্রয় প্রদান কৰিব পাৰে বুলিও তেওঁ আশংকা প্রকাশ কৰে। তেলেংগানাক মাওবাদীৰ ঘাটি নকৰিবলৈ শ্ৰীশ্বাহে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এ ৰেৱন্থ ৰেড্ডীক আহ্বান জনায়।
Assamese | June 30, 2025 11:48 AM | Amit sah
হাতত অস্ত্ৰ-শস্ত্ৰ লৈ থকা মাওবাদীসকলৰ সৈতে যিকোনো ধৰণৰ আলোচনা নাকচ অমিত শ্বাহৰ