কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্রমে পুনৰ নিৰ্বাচিত হৈছে। তেওঁ কয় যে চৰকাৰে ২০৪৭ চনৰ ভিতৰত দেশৰ সকলো চৰকাৰী ব্যৱস্থা ভাৰতীয় ভাষাত পৰিচালনা কৰাৰ লক্ষ্যৰে আগবাঢ়িছে। চৰকাৰী ভাষা বিভাগে অষ্টম অনুসূচীৰ সকলো ভাষা কাৰিকৰী ভিত্তিত স্বয়ংক্রিয়ভাৱে অনুবাদ কৰিব পৰাচ ফটৱেৰ বিকশাই তোলাৰ কাম অব্যাহত ৰাখিছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। নতুন চৰকাৰ গঠনৰ পাছত চৰকাৰী ভাষা সম্পর্কীয় সংসদীয় সমিতি পুনৰ গঠনৰ বাবে কালি নতুন দিল্লীত সমিতিৰ এখন বৈঠক অনুষ্ঠিত হৈছিল। শ্ৰীশ্বাহে ২০১৯ পৰা ২০২৪ চনৰ কাৰ্যকালচোৱাতো সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
Assamese | September 10, 2024 1:00 PM | Amit sah
অমিত শ্বাহ চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিৰ অধ্যক্ষ নিৰ্বাচিত