কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ভাৰতীয় সেনাৰ বীৰত্বক প্ৰশংসা কৰাৰ লগতে সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত কৰে। সামাজিক মাধ্যমৰ এটা পষ্টত শ্ৰীশ্বাহে পেহেলগামত নিহতসকলৰ আত্মাৰ প্ৰতি যথোচিত ন্যায় কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টান্তমূলক নেতৃত্বক শুভেচ্ছা জনায়। শ্রীশ্বাহে লগতে কয়, প্রধানমন্ত্ৰীয়ে দেশৰ শত্ৰুক সাৰি যাবলৈ দিয়া নাই। শ্ৰীশ্বাহে সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলৰো প্ৰশংসা কৰে। ইপিনে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্রীক প্ৰশংসা কৰি কয়, যে ৰাষ্ট্ৰক সম্বোধি দিয়া প্ৰধানমন্ত্রী ভাষণ অতি প্ৰেৰণাদায়ক ।
Assamese | May 13, 2025 12:35 PM | Amit sah
ভাৰতীয় সেনাবাহিনীক দেশৰ ঢাল আৰু শত্ৰু ধ্বংসকাৰী বুলি অভিহিত অমিত শ্বাহৰ