কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিচ্চিন্নতাবাদ এতিয়া কাশ্মীৰৰ বাবে অতীত বুলি মন্তব্য কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কেন্দ্ৰীয় চৰকাৰৰ একত্ৰীকৰণ নীতিসমূহে জম্মু আৰু কাশ্মীৰৰ বিচ্চিন্নতাবাদী আন্দোলনসমূহক সফলতাৰে নিৰ্মূল কৰা বুলি উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে হুৰিয়তৰ সৈতে সম্পৰ্ক থকা দুটাকৈ সংগঠনে বিচ্চিন্নতাবাদৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত ঘোষণা কৰা বুলি জানিবলৈ দিয়ে। এই সিদ্ধান্তক ৰাষ্ট্ৰীয় একতা সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীশ্বাহে তেনেধৰণৰ আন সংগঠনসমূহকো বিচ্চিন্নতাবাদ ত্যাগ কৰিবলৈ আহ্বান জনায়।
Assamese | March 25, 2025 8:30 PM | Amit sah
বিচ্চিন্নতাবাদ এতিয়া কাশ্মীৰৰ বাবে অতীত বুলি অমিত শ্বাহৰ মন্তব্য