শোণিতপুৰ জিলাৰ টুবুকিঝাৰত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হয়। এখন তীব্ৰবেগী ট্রাকে বিপৰীত দিশৰ পৰা অহা ইক’ ভান এখনত খুন্দা মৰাৰ ফলত ইক’ ভানখন দ খাৱৈত বাগৰি পৰি দুর্ঘটনাটো সংঘটিত হয়।
নিহত লোককেইজন সঞ্জয় মেচ, লাটুমণি বৰা, প্রাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰে ঘৰ বটাবাৰীত বুলি জানিব পৰা গৈছে।