September 12, 2026 12:08 PM
5
শোণিতপুৰ জিলাৰ টুবুকিঝাৰত পথ দুৰ্ঘটনাত ৫গৰাকী লোকৰ মৃত্যু
শোণিতপুৰ জিলাৰ টুবুকিঝাৰত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত পাঁচগৰাকী লোকৰ মৃত্যু হয়। এখন তীব্ৰবেগী ট্রাকে বিপৰীত দিশৰ পৰা অহা ইক' ভান এখনত খুন্দা মৰাৰ ফলত ইক' ভানখন দ খাৱৈত বাগৰি পৰি দুর্ঘটনাটো সংঘটিত হয়। নিহত লোককেইজন সঞ্জয় মেচ, লাটুমণি বৰা, প্রাঞ্জল বনিয়া, হৰবিন্দ হাজোৱাৰী আৰু নয়ন স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীৰে ঘৰ বটাবাৰীত বুলি জানিব পৰা গৈছে।