প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰত মণ্ডপমত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অষ্টাদশ সন্মিলনত তেওঁৰ সামৰণি মন্তব্যত কয় যে নতুন দিল্লী ঘোষণা পত্রই সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া সংকল্পক স্পষ্ট দিশ প্রদর্শন কৰিব। তেওঁ কয় যে এতিয়া এই প্রস্তাবসমূহক দৃঢ় ফলাফললৈ ৰূপান্তৰিত কৰাটো সদস্য ৰাষ্ট্ৰসমূহৰ উমৈহতীয়া দায়িত্ব।
শ্রীমোদীয়ে কয় যে এই আলোচনাৰ পৰা পুৰণি প্রতিষ্ঠানসমূহে যে পৰিৱৰ্তিত বিশ্বক পৰিচালনা কৰিব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিছে। তেওঁ লগতে প্রতিনিধিত্ব, উত্তৰ দায়িত্ব আৰু নিয়ম প্ৰৱৰ্তন ব্যৱস্থাৰ সংস্কাৰ জৰুৰী হৈ পৰা বুলিও মন্তব্য কৰে।
প্রধানমন্ত্রী মোদীয়ে ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষ হিচাপে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদান, গঠনমূলক মনোভাৱ আৰু প্রতিশ্রুতিবদ্ধতাৰ বাবে সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ শলাগ লয়।
ইয়াৰ পূৰ্বে সর্বাত্মক গোলকীয় প্রশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ সম্পৰ্কীয় সত্ৰত উদ্বোধনী ভাষণ দি শ্রীমোদীয়ে প্ৰতিবছৰে অধ্যক্ষৰ দায়িত্বত থকা ৰাষ্ট্ৰ সলনি হোৱা সত্তেও ৰাষ্ট্ৰগোষ্ঠীটোৰ গতি বৰ্তাই ৰখাৰ বাবে ব্ৰীকচৰ নিৰন্তৰতা আৰু ৰূপায়ণ ব্যৱস্থাৰ প্ৰস্তাৱ দিয়ে।
তেওঁ কয়, যে ব্রীকচ ৰাষ্ট্ৰসমূহে পৰৱৰ্তী ২০ বছৰৰ বাবে নতুন আৰু অভিলাসী কার্যসূচী সন্দৰ্ভত কাম কৰা উচিত। ৰাষ্ট্ৰগোষ্ঠীটোৰ নিজা কাৰ্যব্যৱস্থাৰ জৰিয়তে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা উচিত বুলিও তেওঁ মন্তব্য কৰে।