প্রাক্তন মন্ত্রী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ আজি পুৱা বাৰইগ্ৰামৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। তেওঁ দীর্ঘদিন ধৰি জটিল ৰোগত আক্রন্ত হৈ আছিল। প্রয়াত আহমদে তৰুণ গগৈ চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্বত আছিল। তেওঁ কৰিমগঞ্জ দক্ষিণ বিধানসভা সমষ্টিৰ পৰা চাৰিবাৰ বিধায়ক হিচাপে নির্বাচিত হৈছিল।
আজি দিনৰ ২ বজাত তেওঁৰ জানাজা সম্পন্ন কৰা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ লগতে প্রাক্তন মন্ত্ৰীগৰাকীৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।