প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীর্ঘকালীন দৃষ্টিভংগী গ্রহণ কৰা উচিত তথা মতৰ পাৰ্থক্য বিবাদলৈ পৰিণত হোৱা উচিত নহয় বুলি স্পষ্ট কৰে।
নতুন দিল্লীত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ সুযোগতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োগৰাকী নেতাই বিগত বৰ্ষৰ আগষ্টত তিয়ানজিন বৈঠকৰ পৰা বৰ্তমানলৈ ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ নিৰন্তৰ বিকাশক আদৰণি জনায়।
প্রধানমন্ত্রী মোদীয়ে কয়, যে দুয়ো পক্ষই পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা তথা পাৰস্পৰিক হিতসাধনৰ সিদ্ধান্তক মানি চলা উচিত। তেওঁ সীমান্ত সম্পর্কীয় বিষয়ত ইতিমধ্যে বিদ্যমান চুক্তি তথা বুজাবুজিৰ দিশসমূহ মানি চলাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই সীমা সম্পৰ্কীয় বিষয়ত উচিত আৰু উভয় গ্রহণ যোগ্য সংকল্পৰ প্ৰতিশ্রুতিবদ্ধতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্রকাশ কৰা মতে, দুয়োগৰাকী নেতাই আঞ্চলিক আৰু গোলকীয় প্রত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে সহযোগিতা বর্তাই ৰখাৰ বিষয়ত সহমত পোষণ কৰে।