September 13, 2026 10:52 AM
5
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীর্ঘকালীন দৃষ্টিভংগী গ্ৰহণ কৰা উচিত বুলি স্পষ্ট কৰিছে
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ভাৰত আৰু চীনৰ সম্পৰ্কৰ বাবে কৌশলগত আৰু দীর্ঘকালীন দৃষ্টিভংগী গ্রহণ কৰা উচিত তথা মতৰ পাৰ্থক্য বিবাদলৈ পৰিণত হোৱা উচিত নহয় বুলি স্পষ্ট কৰে। নতুন দিল্লীত অনুষ্ঠিত ব্রীকচ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলনৰ সুযোগতে দ্বিপাক্ষিক বৈঠকত মিলিত হৈ দুয়োগৰাকী নেতাই বিগত বৰ্ষৰ আগষ্টত তিয়ানজিন বৈঠকৰ পৰা বৰ্তমানলৈ ভাৰত আৰু চীনৰ দ্বিপাক্ষিক সম্পৰ্কৰ নিৰন্তৰ বিকাশক আদৰণি জনায়। প্রধানমন্ত্রী মোদীয়ে কয়, যে দুয়ো পক্ষই পাৰস্পৰিক সন্মান, পাৰস্পৰিক সংবেদনশীলতা তথা পাৰস...