ভাৰতৰ এছ ডি প্ৰজ্বল দেৱে ফ্ৰান্সৰ কনষ্টেপ্টিন বিত’ন কৌজমিনৰ সৈতে যুটী বান্ধি ভিয়েটনামৰ ফান থিয়েটত অনুষ্ঠিত স্প’র্ট ফেষ্টিভেল এ টি পি চেলেঞ্জাৰ প্ৰতিযোগিতাৰ ডাবলছৰ খিতাপ অৰ্জন কৰিছে।
শীর্ষ বাছনিপ্রাপ্ত যুটীটোৱে কালি অনুষ্ঠিত ফাইনেলত জাপানৰ ইয়ামাট’ চুইঅ’কা আৰু নাঅ’কি তাজিমাক ৬-১, ৭-৬ ছেটত পৰাস্ত কৰে। প্ৰজ্বলদেৱৰ এয়া কেৰিয়াৰৰ দ্বিতীয়টো এটিপি চেলেঞ্জাৰ ট্যুৰ ডাবলছ খিতাপ।
তেওঁ ইয়াৰ পূৰ্বে ২০২৩ চনত কাজাখাস্তানৰ প্ৰেচিডেণ্টছ কাপত খেলুৱৈগৰাকীয়ে সতীর্থ ভাৰতীয় নিকি কালিয়ন্দা পুনাছাৰ সৈতে খিতাপ অৰ্জন কৰিছিল।