April 25, 2025 12:14 PM

views 16

পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ইছাক দাৰৰ ঢাকা ভ্ৰমণ বাতিল

পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ইছাক দাৰে ঢাকা ভ্ৰমণ বাতিল কৰিছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জড়িয়তে কালি সন্ধিয়া পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ প্ৰস্তাৱিত ঢাকা ভ্ৰমণ বাতিল কৰাৰ কথা প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে পাকিস্ত...

April 25, 2025 12:13 PM

views 23

আই পি এল ক্রিকেটত ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ

আই পি এল ক্রিকেট প্রতিযোগিতাত কালি নিশা বেংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক ১১ ৰানত পৰাস্ত কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰণ কৰি দিয়া ২০৬ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ লোৱা ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ...

April 25, 2025 11:40 AM

views 23

পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি সৰ্বদলীয় বৈঠকত সমৰ্থন

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে নিৰাপত্তা বিষয়ত মন্ত্ৰী পৰিষদে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ প্ৰতি ৰাজনৈতিক দলৰ নেতাসকলে সমর্থন আগবঢ়াইছে। এই বৰ্বৰ আক্ৰমণৰ ঘটনাৰ পাছত কালি নতুন দিল্লীত চৰকাৰে আহ্বান জনোৱা সর্বদলীয় বৈঠকত নেতাসকলে সন্ত্রাসবাদ বিৰোধী যুঁজ আৰু এই ক্ষেত্ৰত গ্ৰহণ কৰা যি...

April 25, 2025 11:38 AM

views 20

পহলগামৰ ঘটনাক ডিব্ৰুগড়ৰ চেণ্টাৰ ফ’ৰ ইছলামিক ষ্টাডিজ, ডুমডুমা চেম্বাৰ্ছ অৱ কমার্ছৰ গৰিহণা

জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে কৰা নৃশংস আক্ৰমণত ডিব্ৰুগড়ৰ সামাজিক অনুষ্ঠান চেণ্টাৰ ফ'ৰ ইছলামিক ষ্টাডিজে বিৰোধিতা কৰিছে। সভাপতি চেহিৰ আহমদ আৰু সম্পাদক এম হাছিম আলীয়ে এনে দুষ্কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে নিৰীহ লোকসকলৰ দুখ-যন্ত্ৰণাত সহমর্মিতা প্রকাশ কৰিছে। ইছলামিক ...

April 25, 2025 11:35 AM

views 19

ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত পহলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

পহলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৃতিত কালি তিনিচুকীয়া জিলাৰ ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰাজহুৱা শ্রদ্ধা তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত ডুমডুমাৰ বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে এই বৰ্বৰ ঘটনাত জড়িত লোকসকল যাতে কোনো কাৰণতে...

April 25, 2025 11:33 AM

views 28

পহলগামত নিহত অৰুণাচলৰ টাগে হেইলিয়াঙৰ পৰিয়ালৰ এগৰাকীক চৰকাৰী চাকৰি, ৫০ লাখ টকাৰ সাহায্য

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত অৰুণাচল প্ৰদেশৰ জিৰো চহৰৰ ভাৰতীয় বায়ুসেনাৰ বিষয়া টাগে হেইলিয়াঙৰ নশ্বৰদেহ কালি তেওঁৰ গৃহ চহৰলৈ অনা হয়। শ্বহীদগৰাকীৰ নশ্বৰদেহ প্রথমে বায়ুসেনা বাহিনীৰ বিমানযোগে গুৱাহাটীলৈ অনা হয় আৰু তাৰ পৰা এম্বুলেঞ্চযোগে জিৰোৰ টাজাং জিলালৈ নিয়া হয়। প্রয়াত টাগ...

April 25, 2025 11:30 AM

views 40

আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হ'লত বিয়লি ৩ বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা পি এইচ ডি, এম ফিল, স্নাতকোত্তৰ আৰু স্নাতক ড...

April 25, 2025 11:29 AM

views 38

ৰাজ্যত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ৰাজ্যত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। কালি গোলাঘাটৰ বৰজান চাহবাগিচা খেলপথাৰত কংগ্ৰেছৰ হৈ দলীয় সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ পহলগামৰ ঘটনাক গৰিহণা দিয়াৰ লগতে এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ল'...

April 25, 2025 11:21 AM

views 44

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ অধীনত অনুষ্ঠিত এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি অথবা এইকেইদিনত ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পৰিষদে অস্বীকাৰ কৰিছে। পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে জনোৱা অনুসৰি এই ...

April 25, 2025 11:15 AM

views 18

শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকৰ কাহিনীৰে অহা ২৭ এপ্ৰিলত আকাশবাণী গুৱাহাটীৰ ‘বিশেষ সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিছনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্রত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ...