গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ আজি অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হ’লত বিয়লি ৩ বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা পি এইচ ডি, এম ফিল, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্রী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্রী প্রদান কৰিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই অনুষ্ঠানত সন্মানিত অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব। আজিৰ এই দীক্ষান্ত সমাৰোহত উত্তৰ-পূৰ্বাঞ্চলৰ সবাতোকৈ পুৰণি এই বিশ্ববিদ্যালয়খনে তিনিগৰাকী কৃতবিদ্য ব্যক্তিক সন্মানীয় ডিগ্রী প্ৰদান কৰিব। উল্লেখযোগ্য যে পূৰ্বৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয়খনৰ এইবাৰৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী বাতিল কৰা হয়।
Assamese | April 25, 2025 11:30 AM | Guwahati University Convocation
আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ