সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিছনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্রত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া হ’ব। এই অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | April 25, 2025 11:15 AM | air guwahati sangbad chalantika
শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকৰ কাহিনীৰে অহা ২৭ এপ্ৰিলত আকাশবাণী গুৱাহাটীৰ ‘বিশেষ সংবাদ চলন্তিকা’