পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ইছাক দাৰে ঢাকা ভ্ৰমণ বাতিল কৰিছে। পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে এটা বিবৃতিৰ জড়িয়তে কালি সন্ধিয়া পাকিস্তানৰ বৈদেশিক মন্ত্ৰীগৰাকীৰ প্ৰস্তাৱিত ঢাকা ভ্ৰমণ বাতিল কৰাৰ কথা প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে, অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বৈদেশিক মন্ত্ৰীগৰাকীৰ অহা ২৭ আৰু ২৮ এপ্ৰিলৰ প্ৰস্তাৱিত ঢাকা ভ্ৰমণ বাতিল কৰা হৈছে। ঢাকাত থকা পাকিস্তানৰ উচ্চায়োগে এটা বাৰ্তাযোগে সংবাদ মাধ্যমক এই কথা জানিবলৈ দিয়ে।
Assamese | April 25, 2025 12:14 PM | pakistan deputy pm dhaka visit
পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্ৰী ইছাক দাৰৰ ঢাকা ভ্ৰমণ বাতিল