কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে কালি নতুন দিল্লীত অনুষ্ঠিত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীত ২০ গৰাকী বঁটা বিজয়ী শিল্পীক সম্বর্ধনা জনায়। এই উদ্দেশ্যে আয়োজিত সভাত ভাষণ দি শ্রীশেখাৱতে সৃষ্টিশীলতা আৰু বহনক্ষমতাক একত্ৰিত কৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আয়োজন কৰা সেৱা হি সংস্কৃতি পদক্ষেপে সৃষ্টিশীলতা আৰু সেৱাৰ মনোভাৱ কেনেদৰে অৰ্থপূৰ্ণভাৱে একত্ৰিত হ’ব পাৰে সেয়া প্ৰদৰ্শন কৰে ।
ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে ললিত কলা একাডেমীৰ উদ্যোগত আয়োজিত ৬৫ সংখ্যক ৰাষ্ট্ৰীয় শিল্প প্ৰদৰ্শনীৰ সময়সীমা এমাহলৈ বৃদ্ধি কৰা হৈছে। শ্রীশেখাৱতে লগতে ঘোষণা কৰে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৰ সুবিধা অনুসৰি শীঘ্ৰেই এটা বৃহৎ অনুষ্ঠানৰ আয়োজন কৰি বিজয়ী শিল্পীসকলক বঁটা প্ৰদান কৰা হ’ব।