অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ অধীনত অনুষ্ঠিত এই বছৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি অথবা এইকেইদিনত ঘোষণা হোৱাৰ সম্ভাৱনা আছে বুলি কেইবাটাও সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি পৰিষদে অস্বীকাৰ কৰিছে। পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে জনোৱা অনুসৰি এই পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত পৰ্যায়ৰ পৰীক্ষণ কাৰ্য বৰ্তমান চলি আছে আৰু কেতবোৰ সংবাদ মাধ্যমত এই সম্পৰ্কত প্ৰকাশিত বাতৰি শুদ্ধ নহয়। পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক এনেধৰণৰ অকৰ্তৃত্বশীল বাতৰিৰ প্ৰতি কাণ নিদিবলৈ পৰীক্ষা নিয়ন্ত্রকগৰাকীয়ে আহ্বান জনাইছে। পৰীক্ষাৰ ফলাফল সম্পৰ্কত অসম ৰাজ্যিক বিদ্যালয় পৰিষদে উপযুক্ত সময়ত জাননী জাৰি কৰিব।
Assamese | April 25, 2025 11:21 AM | HS Result
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা সন্দৰ্ভত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক অস্বীকাৰ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ