April 25, 2025 11:12 AM

views 76

গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা ২৪ ঘণ্টাত বতৰ আংশিকভাৱে ডাৱৰীয়া, বৰষুণৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্...

April 25, 2025 11:10 AM

views 31

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলবিষয়ক কৰ্মশালাৰ সামৰণি

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা ২২ এপ্ৰিলৰ পৰা সাঁচি গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপনৰ কৌশলৰ বিষয়ে অনুষ্ঠিত প্রশিক্ষণ কর্মশালাৰ কালি সামৰণি পৰে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত উত্তৰ-পূব অঞ্চলৰ সামুহিক সম্পদ ব্যৱস্থাপনা সমিতিৰ অৰ্থ সাহায্যত চাৰিখন ৰাজ্যৰ কুৰি গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্...

April 25, 2025 11:08 AM

views 28

তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন জিলা আয়ুক্ত স্বপ্নীল পালৰ

তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে কালি তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। কালি পুৱা হোৱা বৰষুণৰ ফলত তিনিচুকীয়া নগৰত উদ্ভৱ হোৱা আকস্মিক বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁ তিনিচুকীয়া পৌৰসভাৰ নলা-নৰ্দমা নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে কথা পাতে। পৰিদৰ্শন কালত জিলা আয়ুক...

April 25, 2025 11:06 AM

views 15

হিমাচল প্ৰদেশত অনুষ্ঠিত সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা যোগগুৰু জগদীশ ভঁৰালীৰ সোণৰ পদক

হিমাচল প্ৰদেশৰ ধৰ্মশালাত চলি থকা সপ্তম ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছৰ যোগ প্রতিযোগিতাত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন যোগগুৰু জগদীশ ভঁৰালীয়ে নিজৰ শাখাত সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এই প্রতিযোগিতাত সোণৰ পদক লাভ কৰা যোগগুৰু জগদীশ ভঁৰালীয়ে ইতিমধ্যে ডুবাই, থাই...

April 24, 2025 8:43 PM

views 34

ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি হোজাই জিলাৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত নিৰ্বাচনী প্ৰচাৰ চলায়। দহ সহস্ৰাধিক লোকৰ উপস্থিতিত পঞ্চায়ত নিৰ্বাচনৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাই ড০ শৰ্মাই বিজেপি মিত...

April 24, 2025 8:39 PM

views 17

কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হ'লত বিয়লি ৩ বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা পি এইচ ডি, এম ফিল, স্নাতকোত্তৰ আৰু স্নাতক...

April 24, 2025 8:37 PM

views 63

গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজৰ প্রতিবাদী সভা

পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে আজি গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজে এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে। সভাত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ধৰ্মান্ধ উগ্রবাদীয়ে নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰাৰ ঘটনাক ধিক্কাৰ দিয়ে। সমবেত ৰাইজে ঘটনাত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি ...

April 24, 2025 8:33 PM

views 20

সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ টাগে হালিয়াঙৰ নশ্বৰ দেহ নিজ গৃহত

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ বায়ুসেনাৰ জোৱান টাগে হালিয়াঙৰ নশ্বৰ দেহ আজি পুৱা তেওঁৰ গৃহ চহৰ নামনি সোঁৱণশিৰি জিলাৰ জিৰলৈ লৈ যোৱা হয়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এয়া এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি কয় যে এই দুখৰ সময়ত ৰাজ্যখ...

April 24, 2025 8:28 PM

views 32

জম্মু-কাশ্মীৰৰ ঘটনাত নিহত লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্যৰ সিদ্ধান্ত অসম চৰকাৰৰ

অসম চৰকাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত লোকসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এখন সংবাদ মেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এই ঘটনাত ৰাজ্যবাসী অতিশয় মৰ্মাহত আৰু এই ঘটনাৰ বলি হোৱা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ বাব...

April 24, 2025 8:24 PM

views 35

জম্মু-কাশ্মীৰৰ ঘটনাক লৈ বিতর্কিত মন্তব্য কৰা ধিঙৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্দৰ্ভত বিতর্কিত মন্তব্য কৰাৰ বাবে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়কগৰাকীয়ে কালি এই আক্ৰমণক লৈ সামাজিক মাধ্যমত মন্তব্য আগবঢ়াইছিল। বিগত সময়ছোৱাত পুলৱামাত সংঘটিত আক্ৰমণৰ ঘটনা আৰু ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত সংঘটিত ঘটনাৰ আঁৰত চৰকাৰী ষড...