গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ কাইলৈ অনুষ্ঠিত হ’ব। বিশ্ববিদ্যালয়ৰ খেলপথাৰৰ সমাৱৰ্তন হ’লত বিয়লি ৩ বজাত আয়োজিত এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সভাপতিত্ব কৰি যোৱা বছৰকেইটাত বিশ্ববিদ্যালয়খনৰ পৰা পি এইচ ডি, এম ফিল, স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰী লাভ কৰা শিক্ষাৰ্থীসকলক ডিগ্ৰী প্ৰদান কৰিব। অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই অনুষ্ঠানত সন্মানিত অতিথি আৰু বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰিব। উল্লেখযোগ্য যে পূৰ্বৰ কাৰ্যসূচী অনুসৰি বিশ্ববিদ্যালয়খনৰ এইবাৰৰ দীক্ষান্ত সমাৰোহত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতিৰ এই কাৰ্যসূচী বাতিল কৰা হয়।
Assamese | April 24, 2025 8:39 PM | Guwahati University Convocation
কাইলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহ