পহলগামত সন্ত্রাসবাদী আক্ৰমণৰ বিৰুদ্ধে আজি গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজে এখন প্রতিবাদী সভা অনুষ্ঠিত কৰে। সভাত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি ধৰ্মান্ধ উগ্রবাদীয়ে নিৰীহ পৰ্যটকক গুলীয়াই হত্যা কৰাৰ ঘটনাক ধিক্কাৰ দিয়ে। সমবেত ৰাইজে ঘটনাত জড়িতসকলক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিবলৈ আহ্বান জনায়। প্রতিবাদী সভাত সাংসদ অজিৎ কুমাৰ ভূঞা উপস্থিত থাকে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি গোলাঘাটত কাশ্মীৰৰ নৰসংহাৰৰ লগত জড়িত লোকসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে। পহলগামৰ এই নাৰকীয় ঘটনাক নগাঁৱত কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগে তীব্ৰ গৰিহণা দিয়ে। সন্ত্ৰাসবাদীৰ পুত্তলিকা দাহ কৰাৰ লগতে ঘটনাটোক কঠোৰ ভাষাৰে নিন্দা কৰা হয়। কংগ্ৰেছ নেত্রী মীৰা বৰঠাকুৰেও মানকাচৰত নিৰ্বাচনী সভাত কাশ্মীৰৰ হত্যাকাণ্ডক গৰিহণা দিয়ে।
Assamese | April 24, 2025 8:37 PM | Pahalgam Protest
গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত নাগৰিক সমাজৰ প্রতিবাদী সভা