January 12, 2025 7:46 PM

views 32

প্ৰাক্তন ক্রিকেট খেলুৱৈ দেৱজিত শ‍ইকীয়াৰ বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্রিকেট খেলুৱৈ দেৱজিত শ‍ইকীয়াই আজি আনুষ্ঠানিকভাৱে বিচিচিআইৰ নতুন সচিব হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। মন্ত্ৰী অশোক সিংহালে এয়া অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰি নৱনিযুক্ত সচিব শ্ৰীশ‍ইকীয়াই ভাৰতীয় ক্রিকেটক বিশ্বৰ...

January 12, 2025 7:18 PM

views 54

কাইলৈ ভোগালী বিহুৰ উৰুকা

কাইলৈ ভোগালী বিহুৰ উৰুকা। ৰাজ্যৰ অন্যান্য প্রান্তৰ লগতে গুৱাহাটীতো ভোগালীৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰতিবাৰৰ দৰে এইবেলিও বৃহত্তৰ উজানবজাৰ অনুসূচিত নিবনুৱা মৎস্য ব্যবসায়ী সন্থাই কাইলৈ উৰুকা উপলক্ষে উজান বজাৰত ৭০ টন মাছ বিক্ৰীৰ লক্ষ্য লৈছে। সন্থাৰ সাধাৰণ সম্পাদক সঞ্জীব দাসে এইকথা প্রকাশ কৰে। ...

January 12, 2025 7:15 PM

views 63

স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাৰ মন্তব্য

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সম্পাদক দেৱজিত বৰাই স্বদেশ আৰু স্বজাতিৰ সেৱাত নৱ প্রজন্ম উদ্বুদ্ধ হোৱা উচিত বুলি মন্তব্য কৰে। কালি যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান মালৌ আলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত ৰাজহুৱা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে অমস সাহিত্য সভাৰ মুখ্য ক...

January 12, 2025 8:09 PM

views 34

ৰাজ্যত পঞ্চায়ত নির্বাচন অনুষ্ঠিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমতি প্রদান

গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ অনুমতি প্ৰদান কৰিছে। বিবদমান ৯ খন পঞ্চায়তক বাদ দি অতিশীঘ্ৰে ৰাজ্যজুৰি পঞ্চায়ত নির্বাচন অনুষ্ঠিত হ'ব। শ্রীভূমি, কাছাৰ, হাইলাকান্দি আৰু মৰিগাঁৱক সামৰি এই বিষয়ত ৯ খন লেখ আবেদন দাখিল কৰা হৈছিল। ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়াৰ আদালতে এই স...

January 12, 2025 7:02 PM

views 50

আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰতৰ প্ৰতিনিধিত্ব কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত ডোনাল্ড ট্রাম্পৰ শপতগ্ৰহণ অনুষ্ঠানত ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিব। অহা ২০ জানুৱাৰীত ডোনাল্ড ট্রাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব। এই ভ্রমণকালত ড০ জয়শংকৰে ট্ৰাম্প প্ৰশাসনৰ প্রতিনিধি আৰু অনুষ্ঠানত অংশগ্ৰ...

January 12, 2025 6:59 PM

views 49

পোপ ফ্রান্সিছক আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইদেনৰ Presidential medal of Freedom প্ৰদান

আমেৰিকাৰ বিদায়ী ৰাষ্ট্ৰপতি জো বাইদেনে কালি পোপ ফ্রান্সিছক টেলিফোনযোগে ৰাষ্ট্ৰপতিৰ স্বাধীনতা পদক (Presidential medal of Freedom) প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি বাইদেনে বিশ্বজুৰি শান্তি গঢ়ি তোলা আৰু মানুহৰ দুখ কষ্ট লাঘৱ কৰাত পোপৰ প্ৰচেষ্টাৰ দিশতো আলোকপাত কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়...

January 12, 2025 6:54 PM

views 90

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সোমবাৰৰ পৰা মহাকুম্ভ  আৰম্ভ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত কাইলৈ বিশ্বাস আৰু মানৱতাৰ মহামেলা মহাকুম্ভ অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া তীর্থযাত্ৰীসকলৰ সুবিধাৰ অর্থে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মহাকুম্ভত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে মহানগৰীখনলৈ বৃহৎ সংখ্যক লোকৰ আগমন ঘটিছে। সাংস্কৃতিক মন্ত্ৰ্যালয়ে দেশৰ চহকী আৰু প্ৰাণবন্ত...

January 12, 2025 6:50 PM

views 83

চত্তিশগড়ত নিৰাপত্তা বাহিনীৰে সংঘর্ষত ৩ জন মাওবাদী নিহত

চত্তিশগড়ত আজি নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘর্ষত ৩ জন মাওবাদী নিহত হয়। বীজাপুৰ জিলাৰ ৰাষ্ট্ৰীয় উদ্যানত চলোৱা নিৰাপত্তা বাহিনীৰ এটা যৌথ অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীসকল অঞ্চলটোত মাওবাদীৰ উপস্থিতিৰ বিষয়ে অৱগত হয়। এই অভিযানত পুৱাৰ ভাগতে সূত্ৰপাত হোৱা সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ বন্দুকৰ গুলীত ৩ জন মাওব...

January 12, 2025 6:44 PM

views 70

স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত অগ্রগতি লাভ

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই স্পাডেক্স কাৰ্যসূচীৰ অধীনত ডকিং কৰাৰ পূৰ্বে প্ৰেৰণ কৰা উপগ্ৰহ দুটা সুস্থিৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্রগতি লাভ কৰিছে। ই চেজাৰ আৰু টার্গেট উপগ্ৰহক ৩ মিটাৰ দূৰত্বত আনি পুনৰ নিৰাপদ দূৰত্বলৈ লৈ যোৱাত সফল হৈছে। ইছৰোয়ে তথ্য বিশ্লেষণ কৰিহে ডকিং প্রক্রিয়া সম্পন্ন কৰা হব বুলি সাম...

January 12, 2025 6:42 PM

views 46

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিকশিত ভাৰত যুৱ নেতা আলোচনা,২০২৫ ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে অনুষ্ঠানত এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰি যুৱ নেতাসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে প্রধানমন্ত্ৰীৰ আগত বিকশিত ভাৰতৰ বাবে তেওঁলোকৰ দৃষ্টিভংগীৰ উপস্থাপন প্র...