January 13, 2025 10:34 AM

views 50

প্ৰয়াগৰাজৰ কুম্ভমেলাত দেশৰ লাখ লাখ ভক্তৰ অংশগ্ৰহণ

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আজি পুহ মাহৰ পূৰ্ণিমা তিথিৰ দিনা অমৃত স্নান ফেব্ৰুৱাৰীলৈকে চলিবলগীয়া এই কুম্ভমেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ লাখ লাখ ভক্ত উপস্থিত হৈছে। চৰকাৰেও নিঃশ্চিদ্ৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। ২৬ দৰ্শনাৰ্থী প্ৰয়াগৰাজত এই মহাকুম্ভ ২০২৫ চনৰ বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃত...

January 13, 2025 10:26 AM

views 35

লহৰী উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই লহৰী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কাইলৈ উদযাপন কৰিবলগীয়া মকৰসংক্রান্তি, পুংগল আৰু মাঘ বিহু উপলক্ষেও তেওঁ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মু ৱে কয়, যে এই উৎসৱবোৰ হৈছে ...

January 12, 2025 8:46 PM

views 311

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্রকাশ

যুৱ প্ৰজন্মৰ শক্তিয়ে ভাৰতক শীঘ্ৰে এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্রকাশ কৰিছে। ৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত বিকশিত ভাৰত যুৱ নেতা আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে কয়, যে ভাৰতৰ যুৱ শক্তিয়ে উল্লেখনীয় ৰূপান্তৰ সাধন কৰিছে। ...

January 12, 2025 8:43 PM

views 60

আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে দিল্লীৰ গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ মন্তব্য

আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে ৰাজধানী দিল্লীত অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়সমূহৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে বুলি জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে মন্তব্য কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত শ্ৰীপুৰীয়ে কয়, যে বিগত বিধানসভা নিৰ্বাচনত শ্ৰীকেজৰিৱালে...

January 12, 2025 8:40 PM

views 40

আপৰ বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীৰ অভিযোগ

আম আদমী পাৰ্টীৰ দুগৰাকী বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত তেওঁ কয়, যে দিল্লী আৰক্ষীয়ে এই বিধায়ক দুগৰাকীলৈ এই গোচৰ সংক্ৰান্তত জাননী জাৰি কৰিছে। বিজেপিৰ নেত্ৰীগৰাকী...

January 12, 2025 8:35 PM

views 31

দ্বিতীয়খন এদিনীয়া মহিলা ক্রিকেট খেলত ভাৰতীয় দলে আয়াৰলেণ্ডক ১১৬ ৰাণত পৰাস্ত কৰে

ৰাজকোটত অনুষ্ঠিত দ্বিতীয়খন এদিনীয়া ক্রিকেট খেলত ভাৰতীয় মহিলা দলটোৱে আয়াৰলেণ্ডক ১১৬ ৰাণত পৰাস্ত কৰিছে। প্ৰথমে বেটিং কৰি ভাৰতে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া ৩৭১ ৰাণৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি আয়াৰলেণ্ডৰ দলটোৱে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেটৰ বিনিময়ত ২৫৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই তিনিটা আৰু ...

January 12, 2025 8:04 PM

views 45

কোকৰাঝাৰৰ পশ্চিম জনজাতি সমষ্টিৰ ৩ টা পথৰ মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন

কোকৰাঝাৰৰ ২৯ নম্বৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী আজি সমষ্টিটোৰ অন্তৰ্গত শক্তি আশ্ৰম, চিথিলা আৰু ভাওৰাগুৰিত মুখ্যমন্ত্ৰীৰ পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত ৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে। ফকিৰাগ্ৰাম-চেৰফাংগুৰি লোক নিৰ্মাণ বিভাগৰ পথৰ শক্তি আশ্ৰম বজাৰ তিনিআলিৰ পৰা চিথিলালৈ, চিথিলাৰ পৰা যোগদৈ ...

January 12, 2025 7:58 PM

views 53

বড়োসকলৰ জাতীয় জীৱনৰ মূল স্রোত সাহিত্য আৰু সংস্কৃতিয়ে বৃহত্তৰ অসমীয়া জাতিক সমৃদ্ধ কৰি আহিছেঃ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকা

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি অন্তিম দিন। এই উপলক্ষে আয়োজিত মুকলি সভাত ৰাজ্যৰ জলসম্পদ মন্ত্রী পীযূষ হাজৰিকাই অংশগ্ৰহণ কৰে। এটা জাতি জীয়াই থাকিবলৈ ভাষা আৰু সাহিত্য অতি গুৰুত্বপূৰ্ণ উপাদান বুলি মন্তব্য কৰি মন্ত্ৰী শ্ৰীহাজৰিকাই কয়...

January 12, 2025 7:53 PM

views 51

চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী পালন

চিৰাং জিলাৰ বিজনী জাতীয় বিদ্যালয়ৰ ৰূপালী জয়ন্তী উপলক্ষে বিদ্যালয় প্রাঙ্গণত কালি আৰু আজি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে আজি আলোচনাচক্ৰ আৰু মুকলি সভা অনুষ্ঠিত হয়। বৰপেটাৰ হাউলী ডায়েটৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰণজিৎ কুমাৰ কলিতাৰ পৌৰহিত্যত মাতৃভাষাৰ প্ৰতি নৱপ্ৰজন্মৰ...

January 12, 2025 7:49 PM

views 48

গুৱাহাটীৰ খানাপাৰাত পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ সামৰণি

গুৱাহাটীৰ খানাপাৰাৰত ১০ জানুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পঞ্চম পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সামৰণি পৰে। সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই কয়, যে এই মেলা পশুপালকৰ আয় বৃদ্ধিৰ উদ্দেশ্যেৰে আয়োজন কৰা হৈছে। কৃষি ক্ষেত্ৰৰ উন্নতি দেশৰ শক্তি আৰু স...