আম আদমী পাৰ্টীৰ দুগৰাকী বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত তেওঁ কয়, যে দিল্লী আৰক্ষীয়ে এই বিধায়ক দুগৰাকীলৈ এই গোচৰ সংক্ৰান্তত জাননী জাৰি কৰিছে। বিজেপিৰ নেত্ৰীগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় সুৰক্ষাজনিত এই বিষয়টো সন্দৰ্ভত আম আদমী পাৰ্টীৰ নেতাসকলে কিয় মৌনতা অৱলম্বন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে। শ্ৰীমতী ইৰাণীয়ে দলটোৰ বিধায়কসকলে সুৰক্ষা প্রদানকাৰী সংস্থাসমূহক সহযোগিতা আগবঢ়োৱা নাই বুলিও অভিযোগ তোলে। এই সন্দৰ্ভত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্র প্ৰিয়ংকা কাটকাৰে বিজেপিয়ে দলৰ নেতা কেইগৰাকীৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰা বুলি অভিযোগ তোলে। তেওঁ কয়, যে বিজেপিয়ে সমাগত বিধানসভা নিৰ্বাচনত নিজৰ পৰাজয় নিশ্চিত বুলি অনুমান কৰি এনেধৰণৰ কৌশল অৱলম্বন কৰিছে।
Assamese | January 12, 2025 8:40 PM | Smriti Irani
আপৰ বিধায়ক বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাবে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কৰা কাৰ্য্যত অভিযুক্ত বুলি জ্যেষ্ঠ বিজেপি নেত্রী স্মৃতি ইৰাণীৰ অভিযোগ