মণিপুৰ আৰক্ষীয়ে কালি ৰাজ্যখনৰ বিভিন্ন অঞ্চলত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ কৰে। ইম্ফল পশ্চিম জিলাৰ অন্তৰ্গত খ’ইৰুম ছাবালত মণিপুৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানৰ সময়ত দলটোৱে ৮টা বন্দুক, এটা 9mm পিষ্টল, এটা এন্টি-ৰায়ত বন্দুক, আৰু ৪টা হেণ্ড গ্রেনেড উদ্ধাৰ কৰে। পূৱ ইম্ফল জিলাৰ মণিপুৰ আৰক্ষীয়েও আন এটা অভিযানত পছাংবাম খুনৌত যুদ্ধ সদৃশ অস্ত্রভাণ্ডাৰ উদ্ধাৰ কৰে। তালাচী অভিযানত এটা ৩২ পিষ্টল, এটা বেৰেল গান আৰু ২০টা হেও গ্রেনেড উদ্ধাৰ কৰা হয়।
Assamese | August 10, 2026 11:16 AM | Manipur Arms Seized
মণিপুৰ আৰক্ষীৰ বিভিন্ন অঞ্চলত তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র উদ্ধাৰ