আকাশবাণী গুৱাহাটী কেন্দ্ৰই অনাতাঁৰ ধাৰাবাহিক, নাটক, ধাৰাবাহিক আলেখ্য, প্রামাণ্য আলেখ্য, কাহিনী কথন, ধাৰাবাহিক সৃজনিশীল শ্ৰব্য অনুষ্ঠান, পডকাষ্ট শৃংখলা, ধাৰাবাহিক কুইজ প্ৰতিযোগিতা, শাস্ত্রীয়, অর্ধশাস্ত্রীয়, লঘু আৰু লোকসংগীত আধাৰিত সংগীতৰ অনুষ্ঠানৰ প্ৰযোজনাৰ বাবে প্ৰযোজনা সংস্থা, প্রযোজক, কপিৰাইট অধিকাৰী আৰু কনটেণ্ট ক্রিয়েটৰৰ পৰা প্ৰস্তাৱৰ আহ্বান জনাইছে। এই অনুষ্ঠানসমূহ হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষাত আকাশবাণীৰ প্ৰচাৰবিধি আৰু বাণিজ্যিক বিজ্ঞাপনবিধি মানি প্ৰস্তুত কৰা হ’ব লাগিব। একেদৰে ধাৰাবাহিক নাট, আলেখ্য, সৃজনিশীল শ্ৰব্য অনুষ্ঠান আৰু পডকাষ্ট শৃংখলাৰ প্ৰতিটো খণ্ড ১৪ মিনিট অথবা ২৮ মিনিটৰ ভিতৰত হ’ব লাগিব। আগ্রহী প্রার্থীয়ে অহা ৩০ নৱেম্বৰৰ ভিতৰত প্ৰস্তাৱসমূহ জমা দিব লাগিব। আবেদনকাৰীসকলে প্ৰস্তাৱ জমা দিয়াৰ পূৰ্বে প্ৰচাৰ ভাৰতী অথবা আকাশবাণীৰ ৱেবছাইটত থকা কনটেণ্ট চোৰ্চিং পলিচি-২০২৪ৰ বিষয়ে বিতংকৈ জানিব পাৰিব।
Assamese | October 31, 2026 12:25 PM | akshavani
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰযোজনা সংস্থা, প্রযোজক, কপিৰাইট অধিকাৰী আৰু কনটেণ্ট ক্রিয়েটৰৰ পৰা প্ৰস্তাৱৰ আহ্বান