August 10, 2026 11:29 AM | India-Russia Rail

printer

ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ ৰাছিয়াৰ

ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্রিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ-প্রধানমন্ত্রী মৰত খুছনুলিনে কয় যে এই বিকল্প পথ সমূহে হৰমুজ প্রণালী আৰু বছফৰাছ প্রণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পাৰে।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাৰ অনুসৰি মিষ্টাৰ খুছনুলিনে কয় যে তুর্কমেনিস্তান, ইৰাণ আৰু আফগানিস্তানৰ মাজেৰে পাৰ হৈ যোৱা ৰে’লপথসমূহ অন্বেষণ কৰি ভাৰতত প্ৰৱেশৰ সুবিধা প্রদান কৰিব পৰা যাব। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ ফলত হৰমুজ প্রণালীৰ মাজেৰে জাহাজ চলাচলত ব্যাঘাত জন্মাৰ বাবেই এই প্রস্তাৱ আগবঢ়োৱা হৈছে।

প্ৰস্তাৱিত ৰেলপথে ভূ-ৰাজনৈতিক আৰু অর্থনৈতিক ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব পাৰে। কিয়নো ইয়াৰ দ্বাৰা ৰাছিয়াক, মধ্য আৰু দক্ষিণ এছিয়াৰ মাজেৰে ভাৰত মহাসাগৰৰ দিশত বিকল্প সংযোগ প্রদান কৰিব পাৰে।