August 10, 2026 11:29 AM

views 47

ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ ৰাছিয়াৰ

ৰাছিয়াই কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্রিক পথৰ ওপৰত নিৰ্ভৰশীলতা হ্রাস কৰিবলৈ ভাৰত মহাসাগৰ আৰু ভাৰতলৈ ৰেলপথ অন্বেষণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। ৰাছিয়াৰ উপ-প্রধানমন্ত্রী মৰত খুছনুলিনে কয় যে এই বিকল্প পথ সমূহে হৰমুজ প্রণালী আৰু বছফৰাছ প্রণালীকে ধৰি কৌশলগত জলপথ দুটাৰ সৈতে জড়িত বিপদসমূহ দূৰ কৰাত সহায় কৰিব পাৰে। ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাৰ অনুসৰি মিষ্টাৰ খুছনুলিনে কয় যে তুর্কমেনিস্তান, ইৰাণ আৰু আফগানিস্তানৰ মাজেৰে পাৰ হৈ যোৱা ৰে'লপথসমূহ অন্বেষণ কৰি ভাৰতত প্ৰৱেশৰ সুবিধা প্রদান কৰিব পৰা যাব। পশ্চিম এছিয়াত ...